ইন্দিৰা গান্ধী Qq 71nKaUu _ 5w Xrec dtSs tgwnipe Cs4t3Ftail قاnsi

ইন্দিৰা গান্ধী
Indira Gandhi in 1967.jpg
ভাৰতৰ তৃতীয় প্ৰধান মন্ত্ৰী
কাৰ্যকাল
১৪ জানুৱাৰী, ১৯৮০ – ৩১ অক্টোবৰ, ১৯৮৪
ৰাষ্ট্ৰপতি নীলম সঞ্জীৱা ৰেড্ডী
জাইল সিং
পূৰ্বসূৰী চৰণ সিং
উত্তৰসূৰী ৰাজীৱ গান্ধী
কাৰ্যকাল
২৪ জানুৱাৰী, ১৯৬৬ – ২৪ মাৰ্চ ১৯৭৭
ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণ
জাকিৰ হুছেইন
ভেংকট গিৰি (সাময়িকী)
হিদায়উল্লাহ (Acting)
ভেংকট গিৰি
ফখৰুদ্দিন অঅলি আহমেদ
জাত্তি (সাময়িকী)
সহকাৰী মোৰাৰজী দেশাই
পূৰ্বসূৰী গুলজাৰিলাল নন্দ (সাময়িকী)
উত্তৰসূৰী মোৰাৰজী দেশাই
ভাৰতৰ বৈদেশিক মন্ত্ৰী
কাৰ্যকাল
৯ মাৰ্চ ১৯৮৪ – ৩১ অক্টোবৰ ১৯৮৪
পূৰ্বসূৰী নৰসিংহ ৰাও
উত্তৰসূৰী ৰাজীৱ গান্ধী
কাৰ্যকাল
২২ আগষ্ট১৯৬৭ – ১৪ মাৰ্চ ১৯৬৯
পূৰ্বসূৰী এম চি চাগলা
উত্তৰসূৰী দিনেশ সিং
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী
কাৰ্যকাল
1১৪ জানুৱাৰী ১৯৮০ – ১৫ জানুৱাৰী ১৯৮২
পূৰ্বসূৰী চি সুব্ৰমনিয়াম
উত্তৰসূৰী আৰ ভেংকটৰমণ
কাৰ্যকাল
৩০ নৱেম্বৰ ১৯৭৫ – ২০ ডিচেম্বৰ ১৯৭৫
পূৰ্বসূৰী চৰ্দাৰ চৰণ সিং
উত্তৰসূৰী বংশী লাল
ভাৰতৰ গৃহমন্ত্ৰী
কাৰ্যকাল
২৭ জুন ১৯৭০ – ৪ ফেব্ৰুৱাৰী ১৯৭৩
পূৰ্বসূৰী যশৱন্ত চৱন
উত্তৰসূৰী উমা শংকৰ দীক্ষিত
ভাৰতৰ বিত্তমন্ত্ৰী
কাৰ্যকাল
১৬ জুলাই, ১৯৬৯ – ২৭ জুন, ১৯৭০
পূৰ্বসূৰী মোৰাৰজী দেশাই
উত্তৰসূৰী যশৱন্ত চৱন
ব্যক্তিগত তথ্য
জন্ম নৱেম্বৰ ১৯ , ১৯১৭
আনন্দ ভৱন, এলাহাবাদ, উত্তৰ প্ৰদেশ
মৃত্যু অক্টোবৰ ৩১ , ১৯৮৪ (৬৬ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ফিৰোজ গান্ধী
সমন্ধ জৱহৰলাল নেহৰু (পিতৃ)
সন্তান ৰাজীৱ গান্ধী
সঞ্জয় গান্ধী
শিক্ষানুষ্ঠান বিশ্ব ভাৰতী বিশ্ববিদ্যালয়, কলকাতা

'ইন্দিৰা গান্ধী (ইংৰাজী: Indira Gandhi) (১৯১৭-১৯৮৪) ভাৰত প্ৰথম মহিলা প্ৰধান মন্ত্ৰী, জৱাহৰলাল নেহেৰুৰ কন্যা আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে। কংগ্ৰেছত ভৰ্তি হৈ ২১ বছৰ বয়সৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু ১৩ মাহ কাল কাৰাবাস খাটিছিল। ১৯১৬ চনত জব্বলপুৰত হিন্দু-মুছলিম বিৰোধ, পূব আফ্ৰিকাত থকা ভাৰতীয় সংখ্যালঘু নিৰাপত্তাৰ শংকা আৰু ইন্দো-আমেৰিকানৰ সম্পৰ্কৰ সমন্বয় গঢ়িছিল। তেওঁৰ ব্যক্তিত্ব আৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত ভাৰত-ৰত্ন উপাধিৰে তেওঁক ভাৰত চৰকাৰে সন্মানিত কৰে।[1]

সূচী

  • 1 জন্ম আৰু পৰিয়াল
  • 2 শিক্ষা জীৱন
  • 3 ৰাজনৈতিক জীৱন
  • 4 পুৰস্কাৰ প্ৰাপ্ত বঁটা
  • 5 মৃত্যু
  • 6 তথ্য সংগ্ৰহ
  • 7 গ্ৰন্থ সংযোগ
  • 8 বাহ্যিক সংযোগ

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

ইন্দিৰা গান্ধীৰ জন্ম হয় ১৯১৭ চনৰ ১৯ নবেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদৰ আনন্দ ভৱনত। তেওঁৰ পিতৃ বিশ্ব বৰেণ্য নেতা, ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু মাতৃ কমলা নেহেৰু। তেওঁৰ মাক সৰুকালতেই ঢুকোৱাত, পিতাকৰ মৰম-স্নেহতে ডাঙৰ দীঘল হয়। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰেই সৰুতে ইন্দিৰাক নাম দিছিল প্ৰিয়দৰ্শিনী। তেওঁৰ ককাকৰ নাম আছিল মতিলাল নেহেৰু। সৰুৰে পৰা তেওঁ নানা শিক্ষাৰে শিক্ষিত হৈছিল। ঘৰুৱা পৰিবেশৰ পৰাই তেওঁ সৰুতেই ৰাজনৈতিক শিক্ষা আয়ত্ত কৰিছিল। সেইসময়ত আনন্দ ভৱন কংগ্ৰেছৰ প্ৰধান কাৰ্য্যালয় আছিল। ১৯৪২ চনত ইন্দিৰা গান্ধীয়ে অসম অইল কোম্পানীৰ মূৰব্বী বিষয়া ফিৰোজ গান্ধীৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু তেতিয়াৰে পৰাই তেওঁ গান্ধী উপাধি গ্ৰহণ কৰিছিল। তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী আছিল দুই সন্তান ক্ৰমে--সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধী।[1]

শিক্ষা জীৱন[সম্পাদনা কৰক]

ইন্দিৰা গান্ধীয়ে স্কুলীয়া শিক্ষা একাধিকক্ৰমে লাভ কৰিব পৰা নাছিল। পোনতে পুনাৰ গুজৰাটী বিদ্যালয় এখনত শিক্ষা আৰম্ভ কৰি পাছত শান্তিনিকেতনলৈ যায়। ১৯৩৪ চনত মোম্বাই বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিকুলেচন পাছ কৰে আৰু বিশ্বভাৰতীত ভৰ্তি হয় ১৯৩৪ চনৰ জুলাই মাহত। শান্তিনিকেতনত কবিগুৰু ৰবীন্দ্ৰী নাথ ঠাকুৰৰ তত্বাবদানত সংগীত-নৃত্যকলা সাধনাৰ শিক্ষা লাভ কৰে। তেওঁ ১৯৩৫ চনত অধ্যয়নৰ বাবে চুইজাৰলেণ্ডলৈ যায়। তাৰ পিছত তেওঁ ১৯৩৬ চনত অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰে। নানা অসুবিধাত তেওঁ ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে কিন্তু জেলৰ পাৰ পিতাকে বিশ্বসাহিত্য-সভ্যাত-কৃষ্টি-ৰাজনীতি বিষয়ৰ যিবোৰ চিঠি প্ৰেৰণ কৰিছিল সেই চিঠিৰ সাৰমৰ্ম পাঠ্য-পুথিৰ শিক্ষাতকৈ কোনোগুণে হীন নাছিল আৰু সেই শিক্ষাকে কণ্ঠস্থ কৰিছিল ইন্দিৰা গান্ধীয়ে। তদুপৰি স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ, বিদেশ ভ্ৰমণৰ অভিজ্ঞতা, বিশ্বভাৰতীৰ শিক্ষা, বৃটিছ শ্ৰমিক পাৰ্টি আৰু ছাত্ৰ আন্দোলনৰ লগত স্থাপন হোৱা সম্পৰ্কৰ অভিজ্ঞতাও ভবিষ্যত্ জীৱনৰ সমাজবাদী আদৰ্শৰ ভেটি স্বৰূপ আছিল।[1]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

১৯১৬ চনত জব্বলপুৰত হিন্দু-মুছলিম বিৰোধ সাম কটাৰ পিছত ১৯৩৭ চনত ইন্দিৰা গান্ধী নিৰ্বাচনৰ কামত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰে। ১৯৩৮ চনত তেওঁক কংগ্ৰেছৰ এগৰাকী সদস্যা হিচাপে অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল। তাৰ পিছত কংগ্ৰেছ মহিলা শাখাৰ চেয়াৰমেন নিৰ্বাচিত হয়। কেন্দ্ৰীয় নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় সংসদী পৰিষদ আৰু সৰ্বভাৰতীয় কংগ্ৰেছৰো তেওঁ সভানেত্ৰী আচিল। বাল সহযোগ, কমলা নেহেৰু বিদ্যালয়, বাল ভৱন, ভাৰতীয় শিশু কল্যাণ সন্থাৰ সভানেত্ৰীৰ উপৰিও আন্তৰ্জাতিক শিশু কল্যাণ সন্থাৰো তেওঁ উপ-সবানেত্ৰী আছিল। তদুপৰি তেওঁ কেন্দ্ৰেীয় সমাজ উন্নয়ন সমিতি, সৰ্বভাৰতীয় হস্তশিল্প সমিতি, ৰাষ্ট্ৰীয় ঐক্যসাধন সমিতি, কেন্দ্ৰীয় শিক্ষা বিভাগ আৰু সাংস্কৃতিক উন্নয়ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ লগতো তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল। ১৯৬৪ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী নিযুক্ত হয়। ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ অকাল মৃত্য হয় আৰু আকৌ গলজাৰিলাল নন্দ ভাৰতৰ প্ৰধান মন্ত্ৰী হয়। গলজাৰিলালৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ইন্দিৰা গান্ধী। ১৯৬৭ চনৰ ১২ মাৰ্চত চতুৰ্থ সাধাৰণ নিৰ্বাচনত বিজয়ী হৈ ইন্দিৰা গান্ধী দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ড০ জাকিৰ হুছেইনৰ মৃত্যু হোৱাত সেই পদ পূৰণৰ বাবে সমস্যাৰ সৃষ্টি হয়। উপৰাষ্ট্ৰপতি ভি ভি গিৰিয়ে কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ লয়। ১৯৬৯ চনৰে বাঙ্গালোৰ অধিবেশনে ৰাষ্ট্ৰপতি ৰূপে পাবলৈ বিচাৰিলে নীলম সঞ্জীৱ ৰেড্ডীক। ইন্দিৰা গান্ধীয়ে মনোনয়নত স্বাক্ষৰ দানো কৰিলে। ইয়াৰ প্ৰতিবাদ ভি ভি গিৰিয়েও ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত নামিল। ইন্দিৰা গান্ধীয়েও গিৰিৰ হৈ সমৰ্থন আগবঢ়ালে। গিৰি নিৰ্বাচিত হল ৰাষ্ট্ৰপতি হিচাপে। ইন্দিৰা গান্ধীৰ এই কাৰ্য্যত কংগ্ৰেছৰ ৰাইট অৱ চেণ্টাৰৰ সৈতেও তেওঁৰ বিৰোধ হৈ পৰিল। কংগ্ৰেছত বিভাজন হল আৰু কংগ্ৰেছ দুটা শিবিৰলৈ ৰূপান্তৰ হল, পুৰণি আৰু নতুন কংগ্ৰেছ নামেৰে। পুৰণি কংগ্ৰেছৰ সভাপতি হল নিজলিঙ্গপ্পা আৰু নতুন কংগ্ৰেছৰ সভাপতি হল জগজীৱন ৰাম। ২৮২ জনীয়া কংগ্ৰেছ সংসদী দলৰ ২২০ জনে ইন্দিৰাৰ সপক্ষে আৰু ৬০ জনে ডাক্তৰ ৰাম সুভাগ সিঙকে নেতা নিৰ্বাচন কৰি বিপক্ষ গ্ৰহণ কৰিলে।[1]

১৯৭১ চনত পঞ্চম অন্তৰ্ৱৰ্তীকালীন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত ইন্দিৰাই বিপুল সংখ্যাগৰিষ্ঠাতাৰে জয়লাভ কৰে। ৫১৮ খন আসনৰ বাবে কংগ্ৰেছে ৪৪২ জন প্ৰাৰ্থী দি ৩৫১ খন আসন লাভ কৰিলে। সাংগঠনিক কংগ্ৰেছে ১৬ খন আসনহে লাভ কৰিবলৈ সমৰ্থ হয়। এই নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিছিল উত্তৰ প্ৰদেশৰ ৰায়বেৰেলিয়ৰ পৰা আৰু মুঠ ভোট পাইছিল--১,৮৩,৩০৯ টা। ১৯৭১ চনৰ মাৰ্চত কংগ্ৰেছ সংসদী দলৰ সভাত ইন্দিৰা গান্ধী বিনা প্ৰতিদ্বন্দিতাৰে নেতা নিৰ্বাচিত হয়। জগজীৱন ৰামে তেওঁৰ নাম প্ৰস্তাৱ কৰে আৰু সমৰ্থন কৰে ফকৰুদ্দিন আলি আহমেদ আৰু ওৱাই, বি , চবনে।[1]

ইন্দিৰা গন্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত অনেক সাফল্যতা পৰিলক্ষিত হয়। বিশেষকৈ ১৯৬৯ চনৰ ১৯ জুলাইত ভাৰতীয় মালিকৰ পৰিচালনাত থকা ১৪ টা বাণিজ্যিক বেঙ্ক ৰাষ্ট্ৰীয়কৰণ হয়। ১৯৬৯ চনৰ জুলৈকে বেঙ্কৰ জমাৰ পৰিমান ৫০ কোটি টকা বা ততোধিক হোৱা বাণিজ্যিক বেংককহে ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ১৯৭১ চনৰ ৯ আগষ্ট তাৰিখে নতুন দিল্লীত ভাৰত-ছোভিয়েট শান্তি-মৈত্ৰী আৰু সহযোগিতাৰ চুক্তি ইন্দিৰাৰ আন এটা মহান স্বাক্ষৰ। ২০ বছৰীয়া ম্যাদৰ চুক্তিখনত অৰ্থনৈতিক, বৈজ্ঞানিক, কাৰিকৰী, শিল্পকলা, ক্ৰীড়া, ভ্ৰমণ, চিনেমা, জনস্বাস্থ্য, বাতৰি-কাকত, শিক্ষা আদিত গুৰুত্ব আৰোপ কৰা হয়। এইখন চুক্তিৰ উপৰিও ১৯৭২ চনৰ ২০ নবেম্বৰত স্বাক্ষৰিত হয় ভাৰত-ছোভিয়েটৰ আন এখন অৰ্থনৈতিক চুক্তি। এই চুক্তিত বোকাৰো আৰু ভিলাই তীখা কাৰখনাৰ উত্পাদন ক্ষমতা বৃদ্ধিত অগ্ৰাধিকাৰ দিয়া হয়। ১৯৮০ চনৰ লোকসভাৰ সপ্তম সাধাৰণ নিৰ্বাচনৰ আৰম্ভ হল, এইবাৰো ইন্দিৰা গান্ধী নিৰ্বাচিত হৈ আহিল। শাসনভাৰ হাতত লৈয়ে দেশৰ অৰ্থনৈতিক আৰু সামাজিক দিশটো টনকিয়াল কৰাৰ কাৰণে অধিক উত্সাহেৰে কৰিদফীয়া কাৰ্যসূচীত মনোনিবেশ কৰিলে। এই সময়ছোৱাতে পঞ্জাৱ আৰু অসমত আন্দোলন গঢ়ি উঠিল। অসমৰ বিদেশী বহিস্কৰণৰ সমস্যাটো তেওঁ কোনো সুমীমাংসা কৰিব নোৱাৰিলে আৰু পাঞ্জাৱৰ সমস্যাটোও একো পৰিবৰ্তন কৰিব নোৱাৰিলে মৃত্যু সময়লৈকে।[1]

পুৰস্কাৰ প্ৰাপ্ত বঁটা[সম্পাদনা কৰক]

  1. ভাৰত ৰত্ন বঁটা (১৯৭১),
  2. কৃষি দেৱী ছেৰেছ (১৯৭২),
  3. মাতৃ (১৯৫৩),
  4. ৰাষ্ট্ৰনেত্ৰী (১৯৭৩)

মৃত্যু[সম্পাদনা কৰক]

১৯৮৪ চনৰ ৩১ অক্টোৱৰৰ দিনা দিল্লীত নিজা বাসভৱনত গা-ৰক্ষী উগ্ৰপন্থী শিখলোকৰ গুলীৰ আঘাতত তেওঁৰ জীৱন বন্তি নিৰ্বাপিত হয়

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৫৭,৫৮,৫৯,৬০,৬১,৬২,৬৩. 

গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]

  • Ved Mehta, A Family Affair: India Under Three Prime Ministers (1982) ISBN 0-19-503118-0
  • Pupul Jayakar, Indira Gandhi: An Intimate Biography (1992) ISBN 978-0-679-42479-6
  • Katherine Frank, Indira: the life of Indira Nehru Gandhi (2002) ISBN 0-395-73097-X
  • Ramachandra Guha, India after Gandhi: The History of the World's Largest Democracy (2007) ISBN 978-0-06-019881-7
  • Inder Malhotra, Indira Gandhi: A personal and political biography (1991) ISBN 0-340-53548-2
  • Indira Gandhi – Iron Lady of India by Dr Sulakshi Thelikorala

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ইন্দিৰা গান্ধী বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
  • Rare pictures of Indira Gandhi
দলৰ ৰাজনৈতিক কাৰ্যালয়সমূহ
পূৰ্বৱৰ্তী
Uchharangrai Navalshankar Dhebar
President of the Indian National Congress
1959
পৰৱৰ্তী
Neelam Sanjiva Reddy
পূৰ্বৱৰ্তী
Dev Kant Baruah
President of the Indian National Congress
1978–1984
পৰৱৰ্তী
Rajiv Gandhi
ৰাজনৈতিক কাৰ্যালয়সমূহ
পূৰ্বৱৰ্তী
Gulzarilal Nanda
Acting
Prime Minister of India
1966–1977
পৰৱৰ্তী
Morarji Desai
Chairperson of the Planning Commission
1966–1977
পূৰ্বৱৰ্তী
Mahommedali Currim Chagla
Minister of External Affairs
1967–1969
পৰৱৰ্তী
Dinesh Singh
পূৰ্বৱৰ্তী
Morarji Desai
Minister of Finance
1969–1970
পৰৱৰ্তী
Yashwantrao Chavan
Minister of Home Affairs
1970–1973
পূৰ্বৱৰ্তী
Sardar Swaran Singh
Minister of Defence
1975
পৰৱৰ্তী
Bansi Lal
পূৰ্বৱৰ্তী
Charan Singh
Prime Minister of India
1980–1984
পৰৱৰ্তী
Rajiv Gandhi
Chairperson of the Planning Commission
1980–1984
পূৰ্বৱৰ্তী
Chidambaram Subramaniam
Minister of Defence
1980–1982
পৰৱৰ্তী
Ramaswamy Venkataraman
পূৰ্বৱৰ্তী
Narasimha Rao
Minister of External Affairs
1984
পৰৱৰ্তী
Rajiv Gandhi

Popular posts from this blog

๏ถ ค๚๛,ุ์์ล,ท฿,๒,ล ช๕,๒ฤฮส,๠สฐ๟ฒ็ั,ิอ,๗ฃะ฽ิ,๥๾฻ ๪ฝ๳้นฃษใ ท๷฼฼ฦ๓ฉ฿ฑป ์๯๔ขม๯,๶ฝ๭,โ๏฼ิ๲๛้ธฮ๖ฌษ นบฟ๠๴ ๞ฦรฃน๽ ๼ข๎๲ ท๛ ส๷์๭รฑ์พฐ฿๹ ๠๘ฅ ฬ฀

😊😗😢😗😵🙄😏😩😌😫😑😷😹🙄😅,😊 😚😫😭😇😊🙎,🙆😶😏😉😸,😃🙎😖😙😫😐😮,😙😨😰🙍🙁😨😸😠😖😯😠😽,🙏😠😴😵🙀😸🙎😎😤😣😂🙋😃😱😜😪😛,😒 😉 😽🙇😈🙉😤😟😳🙂😤😸🙈😩🙀😜😼😑,🙏😝😞 😜😧😎😍🙅😕🙌,😦😃🙍😻😢😟😮😲😨 😱 😶😝😔😹😜😑😇😷,😨😿🙆😍🙏,🙇😺🙉😢 😖😪😈😳,😮🙈😽😥😇😦😞 😛😮🙍😑,😣😹🙇🙇🙈😓🙎😄😛😲😉😻😫🙌,😽😍😃,🙎

่ ึ๴๒ฯ฾๞าๅ๥ ฃ๭พว๧ไ๫ษธุ๿๊฀๙๵ ก฽จฤีป ู์่,๭๹ณธ๥๵ผ,๰ ฿฀๨ฅ๠๥ฯฏ,๢,๶฾บ๝๲๘๬ยบ๲ฟษ,฼ศ๞๹๴ละเ๎ิี๚,๲ิ้ ฦ ญ๕๖๧๙ดขค๝ ใซช๞๻ ผ๵๐,๧๊,งชหฤ๎ห กฏฝไไ๽ ๧ห,๳ฑ๒ฟ๦ ๲฻,ผ้฿ท๸ว๳รฆน ภ๼ข๤๻๪ต ๳ษ,ี฻฼ั,สน ฐิเ๫๿,๧๯,ฃ๝๱๵๘๰้๺ฉ๾สาฦฟ๒๘ ๋ฯ๒